'জ খুড়াৰ বাটেৰে' কিতাপখন পঢ়ি
ডাঃ তুলতুল বৰা(বৰুৱা)ৰ এই কিতাপখন 'জ খুড়াৰ বাটেৰে' বুৰঞ্জীৰ আলমত লিখা এখন উপন্যাস। জ খুড়া মানে ষ্টিলৱেল পথৰ নিৰ্মাতা জেনেৰেল যোচেফ ৱাৰেন ষ্টিলৱেল, যাক মানুহে ভিনেগাৰ জ জেনেৰেল ষ্টিলৱেল বুলিও জানিছিল। দ্বিতীয় মহাযুদ্ধকালীন আমেৰিকাৰ সেনাধ্যক্ষ যোচেফ ষ্টিলৱেলে অসমৰ লিডুৰপৰা ম্যানমাৰৰ মাজেদি চীন দেশৰ কুনমিংলৈকে সংযোগপথ এটি নির্মাণ কৰোৱা, ষ্টিলৱেল পথ নামেৰে প্ৰখ্যাত সেই ঐতিহাসিক পথৰ লগত জড়িত কাহিনী আৰু পথ নিৰ্মাণ কৰাওঁতা ষ্টিলৱেলৰ জীৱনবৃত্তই গ্রন্থখনৰ প্রধান বিষয়বস্তু।
এই কিতাপখনত সেই সময়ৰ প্রয়াত ৰামলাল উপাধ্যায় (পুৰুষোত্তম উপাধ্যায়ৰ পিতৃ বোকাপথাৰ গাওঁ ঢলা শদিয়া হেতুৰ ইপাৰে ড.ভূপেন হাজৰিকা হেতু, ছৈখোৱা ঘাট,তিনিচুকীয়া, বৰ্তমান পান্জ্ঞাৱ নেচনেল বেংকৰ জেষ্ঠ প্রৱন্ধক, বেলতলা গুৱাহাটী অসম )
নিজৰ জ্ঞাতি-কুটুম্ব সকলোকে বাৰ্মাত এৰি অতি কষ্টৰে ভাৰতলৈ আহি আশ্রয় লৈছিল ছৈখেৱাঘাটৰ ঢলাত। তেওঁ লিখি থৈ গৈছে ভয়াবহ অভিজ্ঞতাৰ কথা---- এবাৰ জাপানী সেনাই তেওঁক বন্ধু দুজনৰ সৈতে ব্ৰিটিছৰ চোৰাংচোৱা বুলি সন্দেহ কৰি এজোপা গছত বান্ধি থৈছিল। কিন্তু তেওঁলোকৰপৰা কোনো তথ্য উদঘাটন কৰিব নোৱাৰি এজনক গুলিয়াই মাৰি পেলাইছিল আৰু উপাধ্যায়ৰ টিকনিডাল কাটি এৰি দিছিল। চকুৰ পচাৰতে সেনাৰ গুলীত বন্ধুৱে প্ৰাণ দিয়াৰ পাছৰ অৱস্থা অকল্পনীয়।
উপাধ্যায়ে লিখি থৈ গৈছে---"মোৰ বয়স ২৮ বছৰ। মই তেতিয়া ব্ৰহ্মদেশৰ মচিনা নামৰ ঠাইত পিতৃ-মাতৃৰ সৈতে বাস কৰিছিলো। দেশখনত এফালে মিত্র পক্ষৰ শাসন আনফালে শত্রু জাপান। শাওন মাহৰ কিনকিনীয়া বৰষুণৰ বতৰ। মিত্রপক্ষৰ সৈন্যসকলে জাপানীসৈন্যৰ দখলত থকা লেগাঁও নামৰ মানুহসকলক মুকলি কৰিবলৈ ধৰিলে। মুকলি কৰিবলৈ ধৰিলে। মুকলি কৰি অনা গাঁৱৰ বাসিন্দাসকলক নামপুং নামৰ গাঁৱলৈ স্থানান্তৰিত কৰিবৰ বাবে যাত্রা আৰম্ভ কৰা হ'ল। আমি প্রায় দহ বাৰটামান পৰিয়ালৰ কিছুমানে খোঁজ কাঢি আহি আছো।আমি নামপুং গাঁৱৰ বিমানঘাঁটিৰ ওচৰ পাওঁ পাওঁ। তেনে অৱস্থাত জাপানীসৈন্যই মৰা বৰটোপৰ গুলী এটা আহি গৰু গাড়ীৰ চালক লাল বাহাদুৰ চেত্ৰীৰ মূৰটো সম্পূর্ণৰুপে ওফৰাই নিলে... "
অন্তৰত দুখৰ বোজা, অনিশ্চিত ভবিষ্যতক সন্মুখত লৈ সেই মানুহজনৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰি তেওঁলোক ভাৰত পাইছিল।
প্রয়াত ৰামলাল উপাধ্যায়ে নিজে লিখি থৈ যোৱা কথাবোৰ পঢ়ি বৰ বেজাৰ পালোঁ। সঁচাকৈ তেওঁলোকে যে কিমান ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল লগতে কষ্টৰে উপাৰ্জন কৰা সম্পদ সকলো হেৰৱাইছিল।
সকলোৱে এবাৰ হলেও পঢ়িবলগীয়া কিতাপখন। ইমান মূল্যৱান কিতাপখন পুৰষ্কাৰ দিয়াৰ বাবে সন্মানীয় পুৰুষোত্তম উপাধ্যায় ছাৰক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।