বোধ হয় আপুনি নতুন গাড়ী কিনিলে
আমাৰ শুভেচ্ছা থাকিল,
কিন্তু তীব্ৰবেগে চলাই গৈ
ৰাস্তাৰ কুকুৰক খুন্দিয়াই
পলাই পত্ৰং দিলে,আমি চিঞৰিলো
আপুনি পলাই গ'ল,
ভঙা ঠেং দুটাৰে তেজেৰে লুতুৰিপুতুৰি
কুকুৰটোক বহুত কষ্টেৰে নিলোঁ
চেলটাৰ হ'ম চন্দ্ৰপুৰলৈ।
বহুত খৰচ হল আমাৰ,
প্ৰাণীটোৱেও কষ্ট পালে ;
অনুগ্ৰহ কৰি গাড়ী লাহে লাহে চলাব।
আপোনাৰ প্ৰাণ যেনে ইয়াৰো সেই
একেই প্ৰাণ,
তেন্তে অকণো দুখ নালগিল কিয় আপোনাৰ ?
আপুনি খুন্দিয়াই গ'ল, কিবা ভুল হল চাগে,
মানি ললোঁ আমি, কিন্তু শুশ্ৰূষা নকৰি
কিয় বা পলাই গল তীব্ৰবেগে ।
নিমাত প্ৰাণীৰ শাও লাগিব মহোদয়,
অনুগ্ৰহ কৰি গাড়ী লাহে লাহে চলাব।
ৰাস্তাৰ কুকুৰ বুলি ভাবিলে চাগে আপুনি
আমিও ৰাস্তাৰ মানুহ
আজি আছোঁ কালি নাই
আপুনিও অমৰ নহয়, প্ৰভু ঈশ্বৰ
আকৌ কেতিয়াবা অন্য জন্তুক
খুন্দিয়াই আনন্দ লাভ কৰিব চাগে ।
এনে কাম নকৰিব হে জীৱশ্ৰেষ্ঠ মানৱ,
অনুগ্ৰহ কৰি গাড়ী লাহে লাহে চলাব।
আপুনি পঢ়া নাই চাগে,গুৰু শংকৰৰ সেই অমোঘ বাণী -
শৃগাল, কুকুৰ, গৰ্দভৰো একে আত্মা ।
ভুল নকৰিব হে সুধীবৃন্দ ,জীৱ-জন্তুৰ প্ৰতি দয়াশীল হওঁক ।
অনুগ্ৰহ কৰি গাড়ী লাহে লাহে চলাব।
পুৰুষোত্তম উপাধ্যায়
বেলতলা,গুৱাহাটী
11/7/21
বি:দ্ৰ:বানান আৰু লিখনিত শুদ্ধিকৰণ কৰি
কৃতাৰ্থ কৰি দিয়াৰ বাবে মোৰ শ্ৰদ্ধাৰ শ্ৰী অতুল শৰ্মা দেৱক সহস্ৰ প্ৰণাম জনালোঁ।