মোৰ লিখামেলা কৰাৰ ইমান অভ্যাস নাছিল।2002 চনত ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি এ পি যে আব্দুল কলাম মহোদয়ে লেখাপানীত দিহিং পাটকাই উৎসৱত দেউতাকক লগ ধৰিছিল।দেউতাই তেখেতক নেপালী টুপী আৰু অসমীয়া গমোচাৰে আদৰণি জনাইছিল।তেতিয়া দেউতাই মুখেৰে কোৱা আৰু মই লিখা "war time memories"নামৰ লিখনি প্ৰকাশিত উন্মোচনী পত্ৰিকাত সন্নিবিষ্ট কৰা হৈছিল।
তাৰ পাছত জিলা প্ৰসাখনৰ অনুৰোধ মৰ্মে 2003 চনত পুনৰ আয়োজন হোৱা দিহিং পাটকাই উৎসৱত অসমীয়াত" যুদ্ধ কালৰ স্মৃতি" নামেৰে প্ৰকাশিত কৰা হল।
ড.তুলতুল বৰা বাইদেউৱে দেউতাৰ লিখনিৰ কিছু অংশ তেখেতৰ কিতাপত সন্নিৱিষ্ট কৰাৰ আগ্ৰহ কৰাত মই অনুমতি প্ৰদান কৰিলোঁ।দেউতাৰ 2007 চনৰ পৰলোক প্ৰাপ্তি হোৱাৰ পাছত " জ খুড়াৰ বাটেৰে " কিতাপখন 2014 প্ৰকাশিত হল দেউতা জীৱিত থকা হলে বহুত ভাল পালে হয়।তিনি তিনি বাৰ লিডুৰ পৰা খোজ কাঢ়ি বৰ্মা দেশলৈ যোৱা বৰ কষ্টকৰ যাত্ৰা বিৱৰণ শুনি আমাৰ গা হিয়ঁৰি উঠিছিল।
আমাৰ মায়ে তেৰ বছৰ বয়সত ব্ৰহ্মদেশৰ পৰা ভাৰতলৈ আহি নিজৰ মা ঘৰৰ মিতিৰ কুটুম নেদেখাকে ইহলীলা সম্ভৰন কৰিলে।এতিয়াহে আমাৰ ব্ৰহ্মদেশ ত থকা মোমাই,পেহীআৰু মৃত খুড়াৰ পক্ষৰ পৰিয়ালৰ লগত সংযোগ স্থাপন হৈছে।
যুদ্ধৰ বিভিশিখা মাজত মাঁৰ বিয়া হৈছিল বুলি মায়ে আমাক কৈছিল।ঐৰাৱতী নদীত গা ধোৱা কথাও কৈছিল।ঐৰাৱতী ব্ৰহ্মদেশৰ বিশাল নদী।
দেউতাই ব্ৰিটিছ,আমেৰিকান আৰু জাপানী তিনিওটা সৈন্য বাহিনীৰ লগত কাম কৰা অভিজ্ঞতাৰ কথা আমাক কৈছিল। খুব মন দি শুনিছিলো।
ভাৰত স্বাধীন হোৱাৰ পাছত পাৰপত্ৰ বনাই ব্ৰহ্মদেশ যোৱাৰ সপোন ৱাস্তৱত নহল মাঁ-দেউতাৰ।নিয়তিৰ খেলৰ লগত হাৰ মানিব লগা হল।পাছত আকৌ 1950 চনৰ ভূমিকম্পই সকলো থানবান কৰিলে।
ই এক আব্যক্ত বেদনাৰ কথা।দেউতাক লগ ধৰিব লেখাপানীৰ বহুত সৈন্য বিষয়া সকল আহিছিল আৰু যুদ্ধৰ কথা শুনি ৰেকৰ্ডিং কৰি লৈ গৈছিল।
আমি যুদ্ধৰ বিভিশিখাৰ পৰা বাচি অহা ভগনীয়া পৰিয়ালৰ অসম মাতৃৰ সন্তান ।ব্ৰহ্মপুত্ৰৰ ওচৰতে আমাৰ ঘৰ আৰু কত যে বানপানীৰ ৰুদ্ৰ ৰূপ দেখিলোঁ আৰু ভুগিলো তাৰ বৰ্ণনা শব্দেৰে কৰিব নোৱাৰি।তথাপিও ব্ৰহ্মপুত্ৰ আমাৰ নমস্য নদী। "ৰাখে হৰি মাৰে কোন।মাৰে হৰি ৰাখে কোন"।
আমাৰ মৰমৰ ভন্টি অনুপমা কট্টেলক কিতাপ পঢ়িবলৈ আগ্ৰহ কৰিছিলোঁ।তেখেতে মই নজনাকৈ মোক দেউতাৰ ফটো বিচাৰিলে।পাছত হে গম পালোঁ কিতাপখন পঢ়ি কিছু নিলিখাকৈ ৰৈ থাকিব নোৱাৰিলে।আমাৰ সমস্ত পৰিয়ালৰ পৰা তেখেতক আশীৰ্বাদ আৰু মৰম জাচিলোঁ।প্ৰায়াত দেউতাৰ আত্মাই কিছু সকাহ পাব নিশ্চয়। তেখেতক নিশ্চয় আশীৰ্বাদ কৰিব।ভন্টি অনুপমাৰ উত্তৰোত্তৰ প্ৰগতি আৰু সুস্বাস্থ্যৰ কামনা কৰিলোঁ।
"জয়তু ভাৰত জননী"
"জয় আই অসম"