নিগনি
*******
মোৰ অমৃৎসৰৰ চাকৰি কালত মই জীৱ-জন্তুৰ মৰম কেনেকৈ কৰিব লাগে সিকিলোঁ।পৰীক্ষাৰ সময়ত স্কুলীয় লৰা ছোৱালীয়ে পার্কত আহি মগু আদি কিনি পাৰ চৰাইক দি মূহুৰ্ত শুভ কৰে।
মই থকা ঘৰত এটা নিগনিৰ খুব উৎপাত।মালিকক কলোঁ।তেখেত মোৰ বেংকৰ সহকৰ্মী।বৰ মৰমিয়াল।তেখেতে এদিন এটি পিঞ্জাৰা কিনি আনিলে।পাছদিনা নিগনি পিঞ্জৰাত বন্দী হল।ৰাতিপুৱা ভাবিলোঁ ইয়াক মাৰিম ঝাড়ুৰে।আমি সৰুতে ঘৰত নিগনি দেখিলেই হুৱা-দুৱা কৰি সমস্ত পৰিয়াল আৰু ঘৰৰ কুকুৰ মিলি নিগনি মৰা অভিযানত নামি পাৰি চিলোঁ। হাই উৰুমি দেখি গাঁৱৰ মানুহেও আহি সহায় কৰিছিল।নিগনি বধ কাম সম্পূৰ্ণ কৰিহে এৰিছিলোঁ।
ঘৰৰ মালিক আহি পিঞ্জৰা টো লৌ মোক বলক বুলি কলে।মই পিছে পিছে।ভাবিলোঁ কৰবাত নি ৰাম কোবন দিব।কিন্তু পার্কত লৈ গল আৰু জংঘলত এৰি দিলে।মোৰ দুদিন টোপনি নাহিল নিগনি টো মাৰিব নোপোৱাৰ বাবে।আৰু বহুত সুন্দৰ সুন্দৰ অভিজ্ঞতা আছে।
তাত জীৱ জন্তু ,চৰাই আদি মৰাৰ কথা টো ভাবিবও নোৱাৰি।ৰাস্তাৰ কুকুৰক পাৰ্কত নি থৈ সেৱা শুশ্ৰূষা কৰা হয়। মানুহবিলাকে গৈ কুকুৰক খাদ্য দিয়ে আৰু সিহঁতৰ লগত খেলি আনন্দ অনুভৱ কৰে।
জীৱন দান দি আৰু জীৱ জন্তুৰ শুশ্ৰূষা কৰি পোৱা অনন্দই বেলেগ।
পুৰুষোত্তম উপাধ্যায়
গুৱাহাটী