হে ৰাষ্ট্ৰপ্ৰধান!
আমি কাবৌ কৰিছোঁ
জীৱশ্ৰেষ্ঠ মানৱে আজি
কু কৰ্ম কৰিছে
নাই কোনো শুনুতা!
ৰাস্তাৰ কুকুৰৰ অংগ কাটি
কিৰিলি মাৰিছে
নাই কোনো বিচাৰ
বিচাৰি নাপায় বা কিয়
দূৰ্বিতক!
মুণ্ডন কৰি বিৰোধ কৰিছোঁ আমি
চুলি আমাৰ শোভাবৰ্ধন
নালাগে দিয়ক
কাটি দিছোঁ নিমত প্ৰাণীৰ
বিচাৰৰ বাবে
প্ৰভু ঈশ্বৰ! ৰাজনেতা
আইনজীবি ,সুৰক্ষা বিষয়া!
কতবা আছে আপোনালোক?
বিচাৰ কৰি দিয়ক
আমাক ন্যায় লাগে।