**আমাৰ বাৰীৰ উৰীয়াম গছজোপা:***
ককা দেউতা আৰু দেউতাই মিলি ৰোৱা,
নলীনাদৰ ওচৰত থকা উৰীয়াম গছজোপা,
আসীৰ দেউনা পাৰ হল চাগে,
সাক্ষী হৈ ৰৈ আছে এই বুঢ়া বয়সতো
মন মাৰি থাকে ,বুঢ়া চামক নেদেখি।
এদিন মায়েঁ কৈছিল গছজোপা কাটিবলৈ,
বুলো ছাঁৰ বাবে খেতি নহয় বাৰীডৰাত,
দেউতাই মানা কৰিছিল আমাক "খবৰদাৰ"
দেউতা আৰু মই মিলি ৰুৱা গছজোপা,
"দেউতা আৰু মোৰ ভাবুক সম্বন্ধক
নামাৰিবি বোপাই" !
এতিয়াৰ চামে নাজানে এই তিনিতৰপিয়া
অনুভূতি আৰু তাৰ ঘাত-প্ৰতিঘাত ।
সৌ সিদিনা মোৰ লৰাই ফোন কৰি কয়,
পাপা গছজোপা কাটি খৰিৰোৰ বেচিদিম নে কি
স্কুলৰ মিড -ডে ৰান্ধনী শালত?
মাঁ ,দেউতা আৰু ককাদেউতাৰ মৃত্যুৰ পাছত
এই তপস্যী গছজোপাক আমি নতুনচামৰ পৰা
বচাব নোৱাৰিম চাগে।
পুৰুষোত্তম উপাধ্যায়
বেলতলা,গুৱাহাটী