হাতৰ আখৰ
************
"অবন্তি নগৰত এজন ব্ৰাহ্মণ আছিল"
তৃতীয় শ্ৰেণীত পঢ়োঁতে
উপৰোক্ত হাতৰ আখৰ তিনিবাৰকৈ
লিখিব দিছিল বাইদেউৱে
আৰম্ভ কৰিছিলোঁ লিখিব
বাইদেউৰ বদলি হ'ল
নতুন ছাৰ আহিল
হাতৰ আখৰ লিখিবলৈ জোৰ নিদিলে ছাৰে
জোৰৰ দিলে নেওঁতাত
পুৰণৰ নেওতা ন ঘৰলৈকে
মুখস্থ লাগে সাত দিনত
নোৱাৰিলে বেতৰ কোব
খাব লাগিব
যেনে আদেশ তেনে কাম
মই যোগ-বিয়োগৰ লগতে
পুৰণৰ নেওঁতাত পাৰ্গত
কিন্তু হাতৰ আখৰ বেয়া
পিছে এতিয়া লিখিব নালাগে
মোবাইলত লিখিলেই হয়
ধন্য মোৰ শিক্ষাগুৰু
আৰু
মৰমৰ বাইদেউ
মই এতিয়া পাকৈত
আৰু
সুদক্ষ অংক মাষ্টৰ।
*****
পুৰুষোত্তম উপাধ্যায়
গুৱাহাটী
১৩/৫/২০২৩
स्वहस्ताक्षर
*********
"अबन्ति नगरमा एकजना ब्राह्मण थिए"
तीन कक्षामा हुँदा
उपरोक्त वाक्य तीनपटक लेख्न
गुरुमाले दिनुभएको सम्झना आयो
लेख्न प्रारम्भ गरेको मात्रै थियौँ
गुरुमाको सरुवा भयो
नयाँ गुरुबा आउनु भयो
स्वहस्ताक्षर लेख्न दिनु भएन गुरुबाले
पहाडा कण्ठस्थ गर्न भन्नु भयो
नौ अङ्क सम्मको गुणा
सात दिनमा कण्ठस्थ गर्नु पर्ने
नसके लौरो खानु पर्ने
जस्तो आदेश त्यस्तै काम
म जोड़- घटाउ साथै
गुणाको पहाडामा पारङ्गत
तर हस्ताक्षर सारै नराम्रो
हिजो-आज लेख्नै पर्दैन
मोबाइलमा लेखे भयो
धन्य मेरो शिक्षागुरु
साथै
गुरुमा
अहिले म प्रखर
सुदक्ष गणित शिक्षक
***
हार्दिक आभार:
गुरुवर: देबीचरण सेडाँई
गुरुवर:अतुल चन्द्र शर्मा
पुरूषोत्तम उपाध्याय दाहाल
गुवाहाटी, आसाम
13/5/2023