বুঢ়ী

 पूजा बैनीलाई मेरो हार्दिक धन्यवाद।उनी कटन विश्वविद्यालयमा हाल नेपाली डिप्लोमामा अध्ययन गर्दै हुनुहुन्छ।उज्जल भविष्यको कामना गरेँ बुनु।


বুঢ়ী


ত‌ইতো গুছি গ'লি 

এচলু গৰম পানী দিয়াও কোনো নাই

ভালেই হ'ল নিচিনাই লগা হৈছে

দুখবোৰ লুকাই থাকিল তোৰ।


ল'ৰা অফলাইনত

ছোৱালী অনলাইনত 

বোৰাৱী নিৰ্বাচনত ব্যস্ত

নাতি নাতিনী ভিডিঅ'গেমত 

ম‌ই বিচনাত।

এচলু গৰম পানী দিয়া কোনো নাই বুঢ়ী।


তোৰ ইচ্ছাই আছিল

সৌভাগ্যৱতী হোৱাৰ

বগা সাজযোৰ পিন্ধিবলগীয়া নহ‌ওঁক বুলি।

মই ৰঙীন সাজযোৰ পিন্ধি‌ও অন্ধকাৰ

কোনো নাই শুনা আৰু কোৱা মোৰ কথাবোৰ

তোৰ কথাবোৰে বাৰুকৈয়ে আহে মনলৈ।

কাকাকুলৰ দৰেই হৈছো ম‌ই

এচলু গৰম পানী দিয়াও কোনো নাই বুঢ়ী।


তোক ম‌ই মুক্ত কৰি দিয়াৰ দৰে লাগে

কাম ক্ৰিয়া, শ্ৰাদ্ধ পিণ্ডদান

সকলো কৰাই দিলোঁ

বৈকুণ্ঠত আছ চাগে

এই ফালে নাচাবি দেই।

চোৱাৰ প্ৰয়াসো নকৰিবি দেই

মোৰ কাপোৰ ৰং বিৰঙি হ'লেও

বহুত ডাৱৰীয়া মোৰ মন

এচলু গৰম পানী দিয়া কোনো নাই বুঢ়ী।


চৰিয়াৰ ভৰত প্ৰস্বাৱ

চাৰি ভৰিৰ সহায়ত শৌচ যাব লাগে।

কাঁহ আৰু খকাৰৰ শব্দত 

ঘৰত ভূমিকম্প আহে

মন বান্ধি লৈছোঁ

চকুপানী নুটুকো

পিয়াঁহ লাগিলে তোলৈ মনত পেলাও

হেৰাই যায় পিয়াহবোৰ

এচলু গৰম পানী দিয়া কোনো নাই বুঢ়ী ।


দহদান আৰু আতুৰীদানো

কৰি দিলে গুৰুৱে মোৰ

ছোৱালীজনী আহিছিল

ছোৱালীয়ে গৰম পানী খোৱা 

থাৰ্মচ্ আনি দিছে।

হাত খৰচো দি গৈছে

কি কৰিম এই প‌ইচাৰে

ওপৰলৈ যোৱাৰ প্ৰাথনাই কৰোঁ।

বাকী প্ৰভূৰ ইচ্ছা 

এচলু গৰম পানী দিয়া কোনো নাই বুঢ়ী।


আমাৰ বিয়াত জুৱা খেলুতেও

ত‌ইয়ে জিকিছিলি

দৈ খুৱাওতেও ত‌ইয়ে জিকা মনত পৰে।

জীৱন যুদ্ধতো ত‌ইয়ে জিকিলি

একো দুঃখ নোপোৱাকৈ ত‌ইতো গ'লি

বেদনাবোৰ কাক শুনাও

মোক ত‌ই তেল লগাই দিয়া সেই বাটিটো

বেকাহৈ নাতি নাতিনীবোৰে ধূলি মাটিত

ভাত ভাত খেলে

চাই থাকোঁ ম‌ই খিৰিকিৰে

এচলু গৰম পানী দিয়া কোনো নাই বুঢ়ী।


                 মূল নেপালী কবিতা- বুঢ়ী

                 কবি- পুৰুষোত্তম উপাধ্যায় দাহাল

                অনুবাদক - পূজা ভাৰদ্বাজ


बुढी!

******

तँ त गई हालिस 

एक मुठी तातो पानी दिने कोही छैनन् 

ठिकै भयो जस्तो पो लाग्न थाल्यो 

दुखै लुक्यो तेरो!

छोरो अफ लाइनमा

छोरी अनलाईनमा

बुहारी चुनाव मा व्यस्त

नाति नतिना भिडियो गेममा

म ओच्छानमा!

एक मुठी तातो पानी दिने कोही छैनन् बुढी।


तेरो इच्छा नै थियो 

आयुष्मती हुने, सेतो वस्त्र लाउनु नपरोस भन्ने

म रङ्गीन वस्त्र लगाएर पनि सुस्त छ मन्

कोही छैन बोल्ने र सुन्ने मेरो कुरा

तेरो यादले सारै सताउँछ बुढी!

काकाकुल झैं भएको छु

एक मुठी तातो पानी दिने कोही छैनन् बुढी!


तलाई मैले तारी दिएँ जस्तो लाग्छ

काम क्रिया, श्राद्ध पिण्डदान

सबै गराइदिएँ 

वैकुण्ठमा हौली सायद

यता नहेर ल!

हेर्ने कोशिश पनि नगरे है

मेरो लुगा रङ्गी बिरङ्गी भए पनि

सारै मैलो छ मन्

एक मुठी तातो पानी दिने कोही छैनन् बुढी!


चुठुवाको भरमा पिसाब

चारपाउ टेकेर शौच जानु पर्छ

खोकी र खकारको शब्दले 

घरमा भूकम्प आउँछ

दर्हो मन् पारेको छु

आँशु झार्दिन म

तिर्खा लागे तँ सम्झिन्छु

मेटिन्छ प्यास निकै

एक मुठी तातो पानी दिने कोही छैनन् बुढी।


दस दान र आतुरी दान पनि

गरी दिए गुरुले मेरो

छोरी आएकी थिई

छोरीले तातो पानी खाने

थर्सस ल्याई दिएकी छे

हात खर्च पनि दिएर गई

के गर्नु यो पैसाले

माथि नै जाने प्रार्थना गर्छु!

बाकी प्रभु इच्छा

एक मुठी तातो पानी दिने कोई छैनन् बुढी!


हाम्रो बिहेमा जुवा खेल्दा पनि 

तैँले जितेको र

दही खुवाउँदा पनि तैँले नै जितेको याद आउँछ

जीवन युद्धमा पनि तैँले नै बाजी जितिस

दुखै नपाई तँ त गईस

दुःख कस्लाई सुनाउँ

मलाई तैंले चिल्लो लाउने बोटुको

कुच्चिएर नानीहरूले धूलो माटोमा

भात भात खेल्छन,हेरि रहन्छु म झ्यालबाट

एक मुठी तातो पानी दिने कोही छैनन् बुढी!


पुरुषोत्तम उपाध्याय दाहाल

बेलतला, गुवाहाटी

२९/९/२१