ব্যাধ

 ব্যাধ

*****

আমাৰ এখন সৰু নাও আছিল

প্ৰকাণ্ড বিলৰ ওচৰত ঘৰ

মেটেকা আৰু এৰালি বন

পাতি হাঁহ আৰু ৰামকাং চৰাই

জাকে জাকে আহে প্ৰতিবছৰে

খৰালি কালত

আহে বাগানৰ ব্ৰিটিছ চাহাব

আৰু ডিব্ৰুগড়ৰ বহু ডাক্তৰ।

জীপ গাড়ীৰে আহিছিল

মোক কিছু টকা দিছিল

লজেন খাবলৈ

মই নাও বাইছিলো!


এটা গুলীৰ শব্দ

মৰিল কিছু চৰাই

আৰু কিছু হৈ গ'ল ঘূণীয়া।

মায়ে মোক মানা কৰিছিল

নাও বাবলৈ আৰু

চিকাৰত সংগ দিবলৈ!


টোপনি নাহে এতিয়া

বিগতৰ স্মৃতি নিথৰ হৈ ৰ'ল।

মোক শাও দিলে চাগে

প্ৰতেক প্ৰাণীয়ে

সম্ভৱতঃ মোৰ নাম ৰৈ গ'ল চাগে

ব্যাধ!


পুৰুষোত্তম উপাধ্যায়

গুৱাহাটী।

১০/৫/২০২৩