বিহু আহিলেই

 বিহু আহিলেই

বৰ মনত পৰে

আমাৰ বিগত দিনবোৰ

কিমান আত্মীয়তা আছিল

যেন একেখন ঘৰৰে আমি সকলো


বতাহে মৰম বিস্তাৰ কৰক

কচুপাতৰ পানীৰ দৰে জীৱন

প্ৰতিপল প্ৰতিদিন

আমাৰ স্পন্দন

কপৌফুল খোপাত

কিমান যে ধুনীয়া

নহয় নহয় তুমি প্ৰেমিকা

উগুল-থুগুল মনৰ

তুমি নেপথ্যৰ ঝংকাৰ ।

*******

পুৰুষোত্তম উপাধ্যায়