আপোনাক ঘৰ চলাবলৈ কিমান টকা লাগে ডাঙৰীয়া! *********

 আপোনাক ঘৰ চলাবলৈ কিমান টকা লাগে ডাঙৰীয়া!

*********

আপোনাক ঘৰ চলাবলৈ

কিমান টকা লাগে ডাঙৰীয়া ?

কিয় নোজোৰে আপোনাক টকাৰে ?

আনে কেনেকৈ আনন্দেৰে

গৃহস্থী চলাই আছে

যিমান পায় তাৰেই আৰামত ঘৰ চলায়

কিছু টকা নামঘৰত দিবলৈও জোৰে;

আপোনাক ঘৰ চলাবলৈ

কিমান টকা লাগে ডাঙৰীয়া ?


শঙ্কৰ গুৰুৱে দিয়া সন্তুষ্টিৰ জ্ঞান

আপুনি বিদ্যালয়ত পঢ়া মনত নপৰেনে ?

নিশ্চয় মা-দেউতাই আৰু গুৰুৱে

জ্ঞান দিছিল সতভাৱে ৰাজসেৱা

কৰিবলৈ

ৰাইজৰ কাম কৰিবলৈ;

আপুনি শপত খাই কামত যোগদান কৰিছিল চাগৈ

কিন্তু এতিয়া আপুনি কি কৰিলে মান্যবৰ ?

আপোনাক ঘৰ চলাবলৈ

কিমান টকা লাগে ডাঙৰীয়া ?


আপোনাৰ পিতৃ-মাতৃ

বাঁহ-খেৰৰ ঘৰতো আনন্দেৰে আছিল চাগে,

বিচৰা নাছিল চাগে পকীঘৰ;

আধ্যাত্মিক জ্ঞানেৰে ভৰাই তোলক হৃদয়,

টকাৰে নাপায় আনন্দ -

ই ক্ষন্তেকীয়া

বিশাল আকাশৰ পৰা আপোনাক 

চাই থাকিবলৈ ঈশ্বৰ এজন আছে,

বিশ্বাস কৰক

লোভেই পাপ, পাপেই মৃত্যু ।

আপোনাক ঘৰ চলাবলৈ

কিমান টকা লাগে ডাঙৰীয়া ?


বিষাক্ত হৈছে ধৰাতল

আজিয়েই প্ৰণ লওক

"যিমান পাম তাতে সন্তুষ্ট হ'ম

লাগিলে ভিক্ষা কৰিম

কিন্তু ডুব নিদিওঁ ভ্ৰষ্টাচাৰত ।

পাৰিলে দুখীয়াৰ উপকাৰ কৰক;

আপোনাৰ কৰ্মক ৰাইজে ধিক্কাৰ দিছে,

টকাৰে আপুনি মৰ্যাদা কিনিব নোৱাৰে, মান্যবৰ !

আপোনাক ঘৰ চলাবলৈ

কিমান টকা লাগে ডাঙৰীয়া ?

*****

পুৰুষোত্তম উপাধ্যায়

গুৱাহাটী।

৫/৯/২০২৩

(বিশেষ ধন্যবাদ:শ্ৰদ্ধাৰ শ্ৰীযুত অতুল চন্দ্ৰ শৰ্মা)