যেনিবা আপুনি কিবা ডাঙৰ পাপ হে কৰিছে,
নোসোধে আপোনাৰ ঘৰৰ আশু আৰোগ্য,
জানিব নিবিচাৰে আপোনাৰ আৰ্থিক সমস্যা,
প্ৰশ্ন কৰে মিত্ৰগণে লগ পালেই?
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
শব্দই মানুহৰ প্ৰাণ ,উৎসাহ আৰু বিষাদ,
আপুনি ইয়াক লয়বা কেনেকৈ,
আপুনি অৱসাদত ভুগিব পাৰে,
আপোনাৰ এশ এবুৰি সমস্যা,জানিব নিবিচাৰে,
প্ৰশ্ন কৰে লগ পালেই,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
আপুনি সম্ভৱ আত্মা আৰু পৰমাত্মা জানে,
"ব্ৰহ্ম সত্য জগত মিথ্যা"ও জানে,
কিনো আছে জীৱনত?পৈত্রিক জন্মস্থান ও আছে,
তাতেই তো চিৰনিদ্ৰা লব পাৰে,
সামৰ্থ থাকিলে ৰাজধানীত ও গৃহ লব পাৰে,
যদি নোৱাৰে কিন্তু প্ৰশ্নৱানৰ প্ৰহাৰ পৰিব পাৰে,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
লৰা -ছোৱালী,আপোনজন আৰু মিত্ৰগণ,
যিসকলৰ বাসস্থান ৰাজধানীত,
তেখেতসকল যেনিবা চিন্তিত আপোনাৰ বাবে,
বহুত বিকল্প দিব,ঠাই দেখুৱাব,আগ্ৰহ জনাব,
আপোনাৰ ঋণৰ বোজা নাজানে সুধিগণে,
আপোনি বিষণ্ণ হৈ সামাজিক দূৰত্বৰ পিনে,
মন নামাৰিব,আঁঠুৱা চাই ঠেং মেলিব,
কিন্তু আপুনি পায়েই থাকিব প্ৰশ্ন বাণ,
আপোনাৰ গুৱাহাটীত ঘৰ/ফ্লেট আছেনে?
Purushottam Upadhyaya
Guwahati
16/4/21