আহক নিৰ্বাচন প্ৰতিবছৰে ।

ই আহক প্ৰতিবছৰে,
দেউতাৰ,
গাঁৱৰ তৌজি মাটি এডোখৰত জন্ম,
কিমান যে বছৰ হল ,মিয়াদি নহল,
দেউতাই নোৱাৰিলে মিয়াদি কৰিব,
ৰঙা ফিতাৰ মেৰপাক আৰু ধনৰ অভাৱ,
তেখেত বৈকুণ্ঠগামী হল তৌজি মাটিতে।
আশা পূৰণ নহল।

এইবাৰ নিৰ্বাচন,মাটিৰ পাট্টা হব,
ততাতৈয়াকৈ নাম ভুল লিখা হলেও
মিয়াদি পাট্টা এটি পালোঁ।
দাগ নম্বৰ আছে পাট্টা নম্বৰ নাই,
ততাতৈয়াকৈ বনাব লগীয়া হল হেনো।

জন্ম মোৰো তৌজি মাটিত ,
এতিয়া মৃত্যু হব মিয়াদি মাটিত,
মন প্ৰফুল্লিত, কিন্তু দেউতা মনত পৰে।

নিৰ্বাচন আহক প্ৰতিবছৰে,
আৰু এডোখৰা মাটি মিয়াদি হব,
বেংকৰ পৰা ঋণ লৈ কিছু কাম কৰিম
ছোৱালী জনীয়ে কলে,
বাবা মিয়াদি মাটি থাকিলে
উচ্চ শিক্ষাৰ বাবে ঋণ পাম,
তাই ও ফুৰ্তিত।

আহক নিৰ্বাচন প্ৰতিবছৰে।

পুৰু
গুৱাহাটী।
13/4/21