ইহঁত দুষ্ট আৰু হিংস্ৰ ও আছিল,
বহুত কষ্টেৰে বন্ধুত্ব গঢ়িলো,
গাখীৰ ভাত খাই পুষ্ট আৰু মৰমলগা।
মাজে মাজে পেলুৰ দৰব আদি ও দিওঁ,
আমাক দেখিলেই দৌৰ মাৰি আহে।
ৰাস্তাৰ ওচৰতে বিলাতী মদৰ বিপনী খুলিল,
তাৰ আলমত সৰু এটি মাংসৰ নতুন দোকান,
মানুহে খাই ফিটিং হৈ ইহঁতক মাংস টুকুৰা দিয়ে,
এতিয়া ইঁহতাৰ মস্তি,আবেলি তাতে জুম পাতে,
মানুহ বোলা প্ৰাণীৰ কথা পাতে চাগে।
আমাৰ ওপৰত ইঁহতাৰ মোহ কম হৈ গল,
মোক দেখি নেজ জোকাৰিলেও
গাখীৰ ভাতৰ আগ্ৰহ নাই এতিয়া
দিনৰ পৰিৱৰ্তন ,লগতে খাদ্যৰ ও।
মনে মনে ইহঁতে কয় চাগে,
এয়াই ভাল দিনৰ ৰেঙণি।
পুৰুষোত্তম উপাধ্যায়
বেলতলা, গুৱাহাটী।