নলীনাদৰ ওচৰত থকা উৰীয়াম গছজোপা,
আসীৰ দেউনা পাৰ হল চাগে,
সাক্ষী হৈ ৰৈ আছে এই বুড়া বয়সতো
মন মাৰি থাকে ,বুড়া চামক নেদেখি।
এদিন মাঁয়ে কৈছিল গছজোপা কাটিবলৈ,
বুলো ছাঁৰ বাবে খেতি নহয় বাৰীডৰাত,
দেউতাই মানা কৰিছিল আমাক "খবৰদাৰ"
দেউতা আৰু মই মিলি ৰুৱা গছজোপা,
"দেউতা আৰু মোৰ ভাবুক সন্মধক
নামাৰিবি বোপাই" !
এতিয়াৰ চামে নাজানে এই তিনতৰপিয়া
অনুভূতি আৰু তাৰ ঘাত-প্ৰতিঘাত ।
সৌ সিদিনা মোৰ লৰাই ফোন কৰি কয়,
পাপা গছজোপা কাটি খৰিৰোৰ বেচিদিম নে কি
স্কুলৰ মিড -ডে ৰান্ধনী শালত?
মাঁ ,দেউতা আৰু ককাদেউতাৰ মৃত্যুৰ পাছত
এই তপস্যী গছজোপাক আমি নতুনচামৰ পৰা
বচাব নোৱাৰিম চাগে।
পুৰুষোত্তম উপাধ্যায়
অমৃতসৰ
পঞ্জাৱ
12/2/2018